class 9 chapter 6-অন্যৰ প্ৰতি ব্যৱহাৰ (নৱম শ্ৰেণীৰ অসমীয়া SEBA)

ভাব-বিষয়ক:
১)(ক)'সাৰথি' পুথিখন কাৰ ৰচনা?
উত্তৰ:সত্যনাথ বৰা।

(খ)কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?
উত্তৰ:মানুহে মানুহৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে দিন নিয়াব পাৰি নাজানিলে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়।

(গ)কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰ:অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া,খিংখিঙীয়া স্বভাৱৰ মানুহৰ শত্ৰু সৰহ।

(ঘ)সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰ:নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।

(ঙ)মনত অহঙ্কাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়?
উত্তৰ:ছল কৰা হয়।

(চ)'এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।'-ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰ:লগ-লগৰীয়াক হঁহুৱাবলৈ লোকৰ গুপ্ত কথা সদৰী কৰা শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে।

(ছ)কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?
উত্তৰ:শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়।

(জ)'বহল ব্যাকৰণ' পুথিখন কাৰ ৰচনা?
উত্তৰ:সত্যনাথ বৰা।

(ঝ)'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটি সত্যনাথ বৰাৰ কোনখন পুথিৰ পৰা তুলি অনা হৈছে?
উত্তৰ:সাৰথি।

(ঞ)সত্যনাথ বৰাৰ জন্ম কোন চনত হৈছিল?
উত্তৰ:১৮৬০ চনত। (গুৱাহাটীৰ ভৰলুমুখত)

(ট)সত্যনাথ বৰাৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:১৯২৫চনত।

(ঠ)গুৱাহাটীৰ পৰা ওলোৱা 'জোনাকী' কাকতৰ সম্পাদনা কোনে কৰিছিল?
উত্তৰ:সত্যনাথ বৰা।

২)চমুকৈ বুজাই লিখা:

(ক)ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰ:ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি কাৰণ যিবিলাক মানুহৰ সৈতে সংসাৰত সমাজ পাতি থকা হয়,সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে-সন্তোষে দিন নিয়াব পাৰি সেইকথা নাজানিলে,সজ ব্যৱহাৰ থাকিলেও সজ চৰিত্ৰৰ গুণ নাথাকিলে বা চৰিত্ৰ ভাল হ'লেও সজ ব্যৱহাৰ নাথাকিলে মানুহ আনৰ হিংসা-গৰিহণাৰ বলি হয়।আনহাতে কপটীয়া-ছলাহী মানুহো ব্যৱহাৰৰ গুণত আনৰ মৰম পায়।গতিকে ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি।

(খ)বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰ:অবাবত কেটেৰা মাত মাতি মানুহৰ মনত বেজাৰ দিয়া অযুগুত।নিৰ্বোধ খিংখিঙীয়া মানুহে ভৱিষ্যত নাভাবি কেটেৰা মাৰিহে আনৰ লগত কথা কয়।এনে মানুহে মনে জানি কাৰো অহিত নাভাবিলেও,সিহঁতৰ গাত লক্ষ গুণ থাকিলেও কেৱল কঠুৱা বা তিতা মাতেই সকলো ঢাকি পেলায়।তিতা মুখৰ মাতৰ বাবেই সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে,অৰ্বুদ দানৰ ফল নিমিষতে লয় হয়।সেয়ে জ্ঞানীসকলে বিনয় ভাবত দান কৰিব লাগে বুলি কৈছে।

৩)তাৎপৰ্য ব্যাখ্যা কৰা:

(ক)নম্ৰতা সজ ব্যৱহাৰৰ অনুপান।
উত্তৰ:"নম্ৰতা সজ ব্যৱহাৰৰ অনুপান" কথাষাৰ সত্যনাথ বৰাৰ 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটোৰ পৰা তুলি দিয়া হৈছে।
        নম্ৰতা হৈছে মনৰ গুণ,মিঠা মাত তাৰ ফল।আমি ঔষধৰ লগত যিদৰে উচিত অনুপান খালে সেই ঔষধে ফল দিয়ে সেইদৰে সজ ব্যৱহাৰত নম্ৰতা থকা মানুহক সকলোৱে মনত ৰাখে।দম্ভালি মাৰি কথা কোৱা মানুহক কোনেও ভাল নাপায়।সেইবাবে আনৰ লগত কথা-বতৰা,আলাপ-আচৰণ কৰোঁতে দম্ভালি নামাৰি নম্ৰ হৈ কথা পতা উচিত।বহুত মানুহে ভাবে যে আনৰ লগত নম্ৰ হ'লে নিজকে সৰু কৰা হ'ব।কিন্তু এই কথা সম্পূৰ্ণ ভুল।মনত অহঙ্কাৰ নাৰাখি সকলোৰে লগত নম্ৰ আৰু সজ ব্যৱহাৰ কৰিলে মানুহৰ মনৰ উচ্চতাৰ প্ৰকাশ পায়।সেয়ে নম্ৰতা সজ ব্যৱহাৰৰ ঔষধ স্বৰূপ বুলি কোৱা হৈছে।

(খ)সোণৰ জেউতি অমান্য কৰিলে নকমে।
উত্তৰ:"সোণৰ জেউতি অমান্য কৰিলে নকমে" বাক্যশাৰী সত্যনাথ বৰাৰ 'অন্যৰ প্ৰতি ব্যৱহাৰ' পাঠটোৰ পৰা তুলি দিয়া হৈছে।
                সোণ এবিধ অতি উজ্জ্বল আৰু মূল্যৱান ধাতু। সোণৰ উজ্বলতাক সকলোৱে মানি লয় বা মানি নল'লেও ইয়াৰ উজ্জ্বলতা বা মূল্য কমি নাযায়।ঠিক সেইদৰে মান্যৱন্ত অৰ্থাৎ গুণীলোকক সকলোৱে সন্মান আৰু গুৰুত্ব দিয়ে।নম্ৰতা,দয়া,পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তুলে।সমাজত এনে কিছুমান মানুহ আছে যিয়ে এই মান্যৱন্ত লোকক সুযোগ পালেই অমান্য কৰিব বিচাৰে।কিন্তু সিহঁতে নাজানে যে মান্যৱন্ত মানুহক অমান্য কৰিলেও তেওঁলোকৰ সন্মান আৰু গুৰুত্ব একেই থাকে।যিদৰে সোণৰ জেউতি অমান্য কৰিলে নকমে।

৪)বিপৰীতাৰ্থক শব্দ লিখা:

সুখ-দুখ
সন্তোষ-অসন্তোষ
সজ-অসজ
চৰিত্ৰৱন্ত-চৰিত্ৰহীন
কপটীয়া-উদাৰ
মিঠা-তিতা
বিনয়-গৰ্ব
নম্ৰতা-উগ্ৰতা
লঘু-গুৰু
উচ্চ-নীচ
নিন্দা-অনিন্দা
গুপ্ত-প্ৰকাশ
দোষ-গুণ
গহীন-চঞ্চল
আঢ্যৱন্ত-দৰিদ্ৰ

৫)বাক্য ৰচনা কৰা:
চকুৰ কুটা (অপ্ৰিয়):ধীৰাজ দিনক দিনে মাহীমাকৰ চকুৰ কুটা হৈ পৰিছে।

পেটত কথা ৰাখ্(গোপন কথা লুকাই ৰখা):পেটত কথা ৰাখিব জানিলে শত্ৰুতা কমে।



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.