class 9 chapter 7-সময়(নৱম শ্ৰেণীৰ অসমীয়া SEBA)

class 9 chapter 7-সময়(নৱম শ্ৰেণীৰ অসমীয়া SEBA)
class 9 chapter 7-সময়(নৱম শ্ৰেণীৰ অসমীয়া SEBA)

ভাব-বিষয়ক:
১)চমু উত্তৰ দিয়া:

(ক)সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰ:সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

(খ)কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰ:কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

(গ)সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰ:যুগ,কল্প,শতাব্দী আদি সময়ৰ ডাঙৰ ভাগ।

(ঘ)সময়ৰ দণ্ড,পল,অনুপলক কি বোলা হয়?
উত্তৰ:ভগ্নাংশ বোলা হয়।

(ঙ)সময় কি গতিত ঘূৰে?
উত্তৰ:সময় বৃত্তাকাৰ গতিত ঘূৰে।

(চ)সময়ৰ মজলীয়া ভাগবোৰ কি কি?
উত্তৰ:ঋতু,বছৰ,মাহ আদি।

(ছ)সময়ৰ সৰু ভাগবোৰ কি কি?
উত্তৰ:দিন-ৰাতি,প্ৰহৰ আদি।

(জ)'সময়' পাঠটোৰ লেখক?
উত্তৰ:নীলমণি ফুকন।

(ঝ)নীলমণি ফুকনৰ জন্ম কোন চনত হৈছিল?
উত্তৰ:১৮৮০চনত ডিব্রুগড় জিলাত।

(ঞ)নীলমণি ফুকনৰ পিতৃৰ নাম?
উত্তৰ:লম্বোদৰ খাৰঘৰীয়া ফুকন।

(ট)অসম সাহিত্য সভাৰ কোন অধিৱেশনত নীলমণি ফুকনে সভাপতিত্ব কৰিছিল?
উত্তৰ:শিৱসাগৰ অধিৱেশনত।

(ঠ)'মানসী','জ্যোতিকণা' আৰু 'সন্ধানী' কবিতা পুথিৰ ৰচক?
উত্তৰ:নীলমণি ফুকন।

(ড)নীলমণি ফুকনৰ দুখন গদ্য পুথিৰ নাম লিখা?
উত্তৰ:'সাহিত্য-কলা' আৰু 'চিন্তামণি'।

(ঢ)নীলমণি ফুকনৰ কেইখনমান কবিতা পুথিৰ নাম লিখা?
উত্তৰ:'গুটিমালী','আহুতি','জিঞ্জিৰি','অমিত্ৰা','শতধাৰা',
'মানস প্ৰতিমা','মৰাডালৰ কুঁহিপাত' আদি।

(ণ)'আলোচনী' আৰু 'ন-জোন' কাকতৰ সম্পাদক কোন?
উত্তৰ:নীলমণি ফুকন।

(ত)নীলমণি ফুকনৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰ:১৯৭৮চনত।

২)তাৎপৰ্য ব্যাখ্যা কৰা:

(ক)এলেহুৱাৰ দিন নাযায় নুপুৱায়।
উত্তৰ:সময় অমূল্য ধন।সময়ৰ প্ৰকৃত যন্ত্ৰ-পাতি হৈছে কৰ্ম।কৰ্মৰ মাজেদি সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি।কামত ব্যস্ত থকা মানুহে সময়নো কেনেকৈ পাৰ হয় গমকে নাপায়।কামত ব্যস্ত থকা মানুহৰ বাবে দিনটো পলকতে গুচি যোৱা যেন লাগে।তেওঁলোকে কামৰ বাহিৰে অন্য কথা ভাবিবলৈকে আজৰি নাপায়।আনহাতে কোনো কাম-বন নকৰি অনবৰতে শুই,বহি,খাই দিন অতিবাহিত কৰা লোকৰ বাবে দিনটো নাযায়-নুপুৱায় যেন লগা হয়।এনে লোকক প্ৰকৃততে এলেহুৱা বুলি কোৱা হয়।এই এলেহুৱা লোকৰ বাবে দিনটো বা সময়খিনি বৰ দীঘলীয়া হয়।সেয়েহে কোৱা হয় যে এলেহুৱাৰ দিন নাযায়-নুপুৱায়।গতিকে কোনো কাম নকৰাকৈ অবাবতে সময় নষ্ট কৰা উচিত নহয়।

(খ)মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
উত্তৰ:আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে ব্ৰহ্মা।ব্ৰহ্মাই সমগ্ৰ জগতৰ প্ৰাণীকুলক পৰিচালিত কৰে।বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ যি বিৰাট কৰ্মক্ষেত্ৰ পাতিবলগীয়া হয়,সেইকথা মানুহৰ কল্পনাৰো অতীত।ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয় মানুহৰ দিন-ৰাতিৰ কামৰ যথাৰ্থতে এহেজাৰ যুগৰ কাম হৈ উঠে।মানুহৰ বাবে এহেজাৰ যুগ বহুত বেছি সময়।এইকাৰণে মানুহৰ এবছৰে দেৱতাৰ এদিন অৰ্থাৎ মানুহৰ এক কল্প বা এহেজাৰ যুগে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি কোৱা হৈছে।

(গ)কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
উত্তৰ:সময়ৰ প্ৰকৃত যন্ত্ৰ হৈছে কৰ্ম।কৰ্মী মানুহৰ বাবে সময়ৰ এটা এটা পল অতি মূল্যৱান।কামত ব্যস্ত থকা মানুহে অলপো সময় অথলে যোৱাতো নিবিচাৰে।কাম কৰোঁতে কৰোঁতে সময় কেনেকৈ পাৰ হৈ যায় গমকে নোপোৱা হয়।কৰ্মী লোকৰ মানত দিনটো চকুৰ পচাৰতে গ'ল যেন লাগে।কাম নকৰি এলেহুৱা হৈ থাকিলে সময় ৰৈ থকা যেন লাগে।সেয়েহে কোৱা হয় যে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।

৩)পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উত্তৰ:'সময়' পাঠটিৰ লেখক নীলমণি ফুকনৰ অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা অৱদান উল্লেখযোগ্য।তলত তেখেতৰ সাহিত্যৰাজিৰ চমু বৰ্ণনা দিয়া হ'ল------
                 নীলমণি ফুকনৰ জন্ম হয় ১৮৮০চনত ডিব্ৰুগড় জিলাত।তেওঁ স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত,কটন কলেজত এফ.এ আৰু কোচবিহাৰৰ পৰা বি.এ আৰু কলকাতাত আইন শিক্ষা গ্ৰহণ কৰে।জীৱনৰ আগছোৱাত ডিব্ৰুগড়ৰ জৰ্জ স্কুলত শিক্ষকতা কৰে।
                  নীলমণি ফুকন একেধাৰে কবি,সাহিত্যিক আৰু সুবক্তা।দ্বিতীয় মহাযুদ্ধৰ সময়ত কংগ্ৰেছত অন্তৰ্ভুক্ত হৈ স্বাধীনতা সংগ্ৰামী হোৱাৰ পাছৰ পৰাহে তেখেতে সাহিত্য জগতত প্ৰৱেশ কৰে।অসমীয়া সাহিত্য জগততলৈ আগবঢ়োৱা তেখেতৰ সাহিত্যকৃতি হ'ল----'চিন্তামণি'(১৯৩৯) আৰু 'সাহিত্যকলা'(১৯৪২) তেখেতৰ উল্লেখযোগ্য গদ্যপুথি।কবিতাপুথি-----'জ্যোতিকণা'(১৯৩৯),'মানসী'(১৯৪২),'গুটিমালি'(১৯৫১),
'জিঞ্জিৰি'(১৯৫১),'সন্ধানী'(১৯৫৩),'অমিত্ৰা'(১৯৫২),
'আহুতি'(১৯৬১),'শতধাৰা'(১৯৬২),'মৰা ডালৰ কুঁহিপাত'(১৯৬৫),'মানস-প্ৰতিমা'(১৯৭১) আদি।নীলমণি ফুকন 'আলোচনী' কাকত আৰু 'ন-জোন' শিশু আলোচনীৰ সম্পাদক আছিল।অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন গ্ৰহণ কৰিছিল।অসমীয়া ভাষা-সাহিত্য চহকী কৰি তোলা এনে এগৰাকী মহান ব্যক্তিৰ ১৯৭৮চনত মহাপ্ৰয়াণ ঘটে।

৪)চাৰিটা-পাঁচোটা বাক্যত উত্তৰ দিয়া:

(ক)প্ৰাকৃতিক জগত বুলিলে কাক বুজায়?
উত্তৰ:প্ৰাকৃতিক জগত বুলিলে আমাৰ কেউফালে থকা প্ৰাকৃতিক উপাদানসমূহ যেনে----গছ-গছনি,বায়ু,পানী,মাটি,আকাশ-বতাহ,জান-জুৰি,পাহাৰ-পৰ্বত,চৰাই-চিৰিকটি,জীৱ-জন্তু আদিকে বুজায়।

(খ)কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
উত্তৰ:একো একোটা বিশেষ ঘটনাৰ ওপৰত ভিত্তি কৰি বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ক ভাগ কৰিব পাৰি।যেনে ধৰ্ম,কলা,সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্ৰহ,ৰাজত্ব আদি বিষয়বিলাকে একো একোটা সময়ৰ ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায়।সংবৎ,শকাব্দ,খ্ৰীষ্টাব্দ,হিজৰি,শংকৰাব্দ,চৈত্যানব্দ ইত্যাদি এই সময়বিভাগৰ গুৰিতে এনে স্মৰণীয় ঘটনা জড়িত হৈ আছে।

(গ)লক্ষণাক্ৰান্ত মানে কি?
উত্তৰ:লক্ষণাক্ৰান্ত মানে কিছুমান নিৰ্দিষ্ট লক্ষণযুক্ত।সময়ৰ যুগ,কল্প,শতাব্দী,ঋতু,বছৰ,মাহ,দিন-ৰাতি,প্ৰহৰ,দণ্ড,পল,অনুপল এই ভাগবিলাক কিছুমান বিশেষ লক্ষণযুক্ত।এই কাৰণে হিন্দু শাস্ত্ৰমতে চাৰিযুগৰ লক্ষণবিলাক নিৰ্ণয় কৰা আছে।কলিযুগত কল্কি অৱতাৰৰ পিছত সত্যযুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰমতে মিলেনিয়াম বা হাজাৰ হাজাৰ যীশুৰ ৰাজত্ব, ইছলামৰমতে শেষ ইমাম মেহদিৰ আগমন ইত্যাদি ঘটনাৱলীয়েই একো একোটা যুগৰ লক্ষণ।

(ঘ)বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল?
উত্তৰ:বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল।জাৰত ঠেঁটুৱৈয়ে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন অনুমান কৰিছিল,পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ যোৱাত সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ কথা ধৰিছিল,বেলিফুল সূৰ্যৰ লগে লগে ঘূৰে সেয়ে ইয়াক বেলি-ঘড়ী বুলিও কৈছিল,কঁঠালে মুচি পেলালে,আমে মলিয়ালে,ধান পকিলে,বাঁহে গাজ মেলিলে,ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পাইছিল।জীৱ-জন্তুৰ আচৰণত যেনে কেঁকোৰা গাঁতত সোমালে,শামুকে পথাৰত দেখা দিলে,বালিমাহী চৰাই ওলালে,কুলি-কেতেকীয়ে মাতিলে,মাছে কণী পাৰিলে,চৰায়ে কুটা কঢ়িয়ালে,ভেকুলীয়ে টোৰটোৰালে একোটা ঋতুৰ কথা গম পাইছিল।গৰুৱে ধূলি উৰুৱাই উলটি আহিলে গধূলি হোৱা,শিয়ালে হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়া,ফেঁচুৱে জালি দি,টঙিত পাৰই ৰুণ দি পোহৰ হ'বলৈ বেছি পৰা নথকাৰ কথা গম দিয়ে আৰু কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা পাটী এৰে।এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে,তামোলখন খাই শেষ কৰা কথাটোৱে একোটা উশাহে নিৰ্দ্ধাৰিত কৰে,বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল-চুটি চাই সময় ঠিক কৰিছিল।

৬)'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'-প্ৰাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি?কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি?
উত্তৰ: 'প্ৰাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়'-কাৰণ প্ৰাকৃতিক পৰিঘটনাবোৰক লক্ষ্য কৰি সময়ক গ্ৰীষ্ম,বৰ্ষা,শৰৎ,হেমন্ত, শীত আৰু বসন্ত এই ছটা ঋতুত ভাগ কৰা হয়।এই ছয় ঋতু অনুসৰি সময়ৰ গতি-বিধি নিৰ্ণয় কৰিব পাৰি এনেদৰে -
             জাৰত ঠেঁটুৱৈয়ে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন অনুমান কৰিছিল,পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ যোৱাত সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ কথা ধৰিছিল,বেলিফুল সূৰ্যৰ লগে লগে ঘূৰে সেয়ে ইয়াক বেলি-ঘড়ী বুলিও কৈছিল,কঁঠালে মুচি পেলালে,আমে মলিয়ালে,ধান পকিলে,বাঁহে গাজ মেলিলে,ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পাইছিল।
               ইয়াৰোপৰি জীৱ-জন্তুৰ আচৰণত যেনে কেঁকোৰা গাঁতত সোমালে,শামুকে পথাৰত দেখা দিলে,বালিমাহী চৰাই ওলালে,কুলি-কেতেকীয়ে মাতিলে,মাছে কণী পাৰিলে,চৰায়ে কুটা কঢ়িয়ালে,ভেকুলীয়ে টোৰটোৰালে একোটা ঋতুৰ কথা গম পাইছিল।গৰুৱে ধূলি উৰুৱাই উলটি আহিলে গধূলি হোৱা,শিয়ালে হোৱা দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়া,ফেঁচুৱে জালি দি,টঙিত পাৰই ৰুণ দি পোহৰ হ'বলৈ বেছি পৰা নথকাৰ কথা গম দিয়ে আৰু কুকুৰাৰ ডাকত ৰাতি পুৱাল বুলি মানুহে শোৱা পাটী এৰে।
             তাৰোপৰি একোটা সাধাৰণ উপায় যেনে-এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে,তামোলখন খাই শেষ কৰা কথাটোৱে একোটা উশাহে নিৰ্দ্ধাৰিত কৰে,বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল-চুটি চাই সময় ঠিক কৰিছিল।

৭)'নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদব্যৱহাৰ'-ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।
উত্তৰ: নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদব্যৱহাৰ দুয়োটাই প্ৰায় সম অৰ্থকে সূচায়।কাৰণ কোনো এটা কাম যদি আমি শৃংখলাবদ্ধভাৱে কৰোঁ সেইয়া হৈছে নিয়মানুৱৰ্তিতা আৰু সেই কামটোকে উচিত সময়ত কৰাক সময়ৰ সদব্যৱহাৰ কৰা বুজায়।
                নিয়ম-শৃংখলা বজাই ৰে'লগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবেই কেৰ্কেটুৱাই গছ বগাই ফুৰাৰ দৰে মানুহে ইখনৰ পাছত সিখন ৰে'ল এৰি দেশ-বিদেশ,বৰঘৰ-মাৰলঘৰ যেন কৰি ফুৰিব পাৰে।ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলোতে শৃংখলাৰ মাজেদি  সময়ৰ সদব্যৱহাৰ কৰাৰ বাবেই ঘৰখন ঘৰ আৰু ৰাজ্যখন ৰাজ্য হৈ আছে।যদি নিয়মানুৱৰ্তিতা আৰু সময়ৰ সদব্যৱহাৰ কৰা নাযায় তেন্তে ঘৰ গুচি বাঁহতল আৰু ৰাজ্য গুচি অৰাজকতাত পৰিণত হ'বলৈ দেৰি নালাগে।
                 নিৰ্দ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰাত অৰ্থহানি,মনস্তাপ হোৱা দৃষ্টান্ত পোৱা যায়।মাত্ৰ পাঁচ মিনিট পলম হোৱাৰ বাবে নেপোলিয়নে ৱাটাৰ্লু যুদ্ধত পৰাজয় হৈছিল,এইদৰে সময়ৰ মূল্য নুবুজি কাম নকৰি জিৰণি লৈ থকাৰ বাবেই লাচিতে মোমায়েকৰ মূৰটো কাটি কাৰ্যসিদ্ধি কৰিছিল।পৰীক্ষাত প্ৰশ্নকাকত পিটিকি সময় নষ্ট কৰা পৰীক্ষাৰ্থীতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীয়ে ভাল নম্বৰ পোৱাৰ সম্ভাৱনা বেছি।।এই কাৰণে জ্ঞানী আৰু কৰ্মীলোকে নিৰ্ধাৰিত নিয়ম আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজকে কোনো কামৰ বাবে প্ৰস্তুত ৰাখে।
                 সেইদৰে বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰখৰত সিঁচিলে গুণ নধৰে,চোৰে চুৰি কৰাৰ পাছত চোৰ ধৰিবলৈ খাপ দি থাকিলে চুৰি হোৱা বস্তু ঘূৰাই পোৱাৰ আশা নাথাকে,ৰোগে দেখা দিওঁতেই চিকিৎসা নকৰিলে পাছত তুলসী-গুৰিলৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে।সেয়েহে সময়ৰ কাম সময়ত কৰা উচিত।সময়ৰ নিয়ম আৰু ব্যৱহাৰ মানি চলিলেহে আমি সফল জীৱন লাভ কৰিব পাৰোঁ।
 

৯)সন্ধি ভাঙা:
শকাব্দ : শক+অব্দ
খ্ৰীষ্টাব্দ : খ্ৰীষ্ট+অব্দ
শংকৰাব্দ : শংকৰ+অব্দ
চৈতন্যাব্দ : চৈতন্য+অব্দ
লক্ষণাক্ৰান্ত : লক্ষণ+আক্ৰান্ত
কল্পান্তৰ : কল্প+অন্তৰ
কৰায়ত্ত : কৰ+আয়ত্ত
মনস্তাপ : মনঃ+তাপ

১০)পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।
দিন-ৰাতি : মানুহজনে পৰিয়াল পোহপালৰ বাবে দিন-ৰাতি কষ্ট কৰে।
গতি-বিধি : আগৰদিনত প্ৰকৃতি জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰিছিল।
ঢাৰি-পাটী : পুৱা সোনকালে ঢাৰি-পাটী এৰিব লাগে।
নাযায়-নুপুৱায় : এলেহুৱাৰ দিন নাযায়-নুপুৱায়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.