class 9 chapter 8-অন্ধবিশ্বাস আৰু কুসংস্কাৰ(নৱম শ্ৰেণীৰ অসমীয়া SEBA)

ভাব-বিষয়ক:

১)চমু উত্তৰ দিয়া:
(ক)উৰাবাতৰি মানে কি?
উত্তৰ: যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়,অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তখশূন্য,বিবেকশূন্য কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাস কৰে তাকেই উৰাবাতৰি বুলি কোৱা হয়।

(খ)কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰ: যিবোৰ নীতি-নিয়ম,ব্যৱস্থা,পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী,সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে তাকেই কুসংস্কাৰ বুলি বুজা যায়।

(গ)'অন্ধবিশ্বাস,কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।'-কথাষাৰ কোনে কৈছিল?
উত্তৰ: ড' সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

(ঘ)কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ: ১৮২৬চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।

(ঙ)অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ: কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

(চ)'অন্ধবিশ্বাস আৰু কুসংস্কাৰ' পাঠটোৰ লেখকৰ নাম লিখা?
উত্তৰ: জয়ন্ত মাধৱ বৰা।

(ছ)কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰে?
উত্তৰ: 'মৰিয়াহোলা' উপন্যাসৰ বাবে।

(জ)জয়ন্ত মাধৱ বৰাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: ২০১৭চনত।

(ঝ)'মৰিয়াহোলা' উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই চৈয়দ আব্দুল মালিক বঁটা কোন চনত লাভ কৰিছিল?
উত্তৰ: ২০১৪চনত গোলাঘাট জিলা সাহিত্য সভাত।

(ঞ)'অমৃত' উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই লাভ কৰা বঁটাৰ নাম কি?
উত্তৰ: গিৰিধৰ শৰ্মা বঁটা,১৯৮৭।

(ট)কোনখন গল্প সংকলনৰ বাবে জয়ন্ত মাধৱ বৰাই অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে?
উত্তৰ: 'জাকৈয়া ছোৱালী' গল্প সংকলনৰ বাবে,২০১৩চনত।

(ঠ)জয়ন্ত মাধৱ বৰাই লাভ কৰা ৰাষ্ট্ৰীয় বঁটাবিধৰ নাম কি?
উত্তৰ: ডঃ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা,২০১৯চন।

(ড)জয়ন্ত মাধৱ বৰাই ৰচনা কৰা গল্প আৰু উপন্যাসৰ সংখ্যা কিমান?
উত্তৰ:
            গল্প সংকলন : ৮খন
            উপন্যাস : ১৩খন
            অনুবাদ গ্ৰন্থ : ৫খন
            গৱেষণামূলক : ২খন
            শিশু গ্ৰন্থ : ৫খন।

২)অন্ধবিশ্বাস মানে কি?অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰ: যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়,বিজ্ঞানে যিবোৰ বিশ্বাসক,ধাৰণাক,ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।
                 ড' সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল-"অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।" দূষিত বায়ু,অবাঞ্চিত বিশৃংখল শব্দ, মাটি,পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰ কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকুলতাৰ সৃষ্টি কৰে ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰেও প্ৰেম,মমতা,মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে।জনজীৱনৰ সুস্থ জীৱন-ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে।মানুহেই মানুহৰ শত্ৰু হৈ পৰে।যেনে সাধাৰণতে  চলি থকা কিছুমান কথা ভূত-প্ৰেত,ডাইনী-যখিনী,বুঢ়া ডাঙৰীয়া,আই লম্ভা,সোপাধাৰ আদিক লৈ যিবোৰ গুজব চলি আহিছে এইবোৰক লৈ সৰু ল'ৰা-ছোৱালীৰ লগতে ডাঙৰেও ভয় কৰে।এইবোৰ হৈছে সামাজিক ব্যাধি।এনেধৰণৰ অন্ধবিশ্বাস,কুসংস্কাৰে এখন সমাজক পংগু কৰি তোলে।

ভাষা-বিষয়ক:
 ৮)উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণ : মানৱীয় - অমানৱীয়
                সজাগতা - অসজাগতা 
                সামাজিক - অসামাজিক 
                ৰাজনৈতিক - অৰাজনৈতিক
                সাংবিধানিক - অসাংবিধানিক
                প্ৰচাৰ - অপ্ৰচাৰ 

৯)তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা :
         ইতিবাচক - নেতিবাচক
         সৎ -অসৎ
         যোগাত্মক - ঋণাত্মক
         সক্ষম - অক্ষম
         উচিত - অনুচিত
         অভিশাপ - আশীৰ্বাদ

১০)পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।
উত্তৰ:  যুৰীয়া শব্দ :
                       নীতি-নিয়ম
                       তন্ত্ৰ-মন্ত্ৰ
                       পূজা-পাতল
                       জাত-কুল
                       কাম-কাজ
                        
          



          

        

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.